জানোঁ | Dr Jagadish Goswami

জানোঁ,

ওপজাৰে পৰা আজিলৈ

এৰি অহা সময়ৰ

বহু ৰহস্য বহু আচৰ্য্য জানোঁ,

জানোঁ মই,

হাত ডাঙিলে আকাশ খহিব

মুখ মেলিলে মানুহ ডুবিব

সলনি হ'ব

সাম্প্ৰতিক মানচিত্ৰ,

অক্টোপাছী হাতোৰাৰ কৱলত

বন্দী হৈ

নিশ্চুপে থাকোঁ,

এই পৃথিৱীৰ

কোনো এক অমূলক

বাসিন্দা বুলি

টুপাই বুৰ মাৰোঁ ---

জানোঁ,

দিনৰ কাৰচাজি জানোঁ

ৰাতিৰ বেজ্জ্বতিও বুজোঁ,

আন্ধাৰত খিলখিলাই থকা

অধম ইশ্বৰৰ

সঠিক ঠিকনাও জানোঁ,

পম্পটাৰ

পম্পট কৰা

নাটক চলক

চলক নাটক!

একো নাই ---

আমিতো জানোঁৱেই

সবিশেষ বুজোৱেই

নিজানৰ গৰ্ভত

নৈশব্দৰ কোলাত

অক্ষত হৈ ৰ'ব

অমলিন জুপুৰি আমাৰ!

আমাৰ আমি---

দুখৰ বান্ধৈ

হিয়াৰ সাৰথি?